Ticker

6/recent/ticker-posts

Ad Code

Responsive Advertisement

গোলাঘাটত ভদীয়া বানৰ কালৰূপ, ৰাজ্যত ক্ষতিগ্ৰস্ত ২২ হাজাৰৰো অধিক লোক


ৰাজ্যত ভদীয়া বানৰ ভয়াবহ ৰূপ ধাৰণ কৰিছে। শেহতীয়াকৈ প্ৰকাশিত ASDMA (Assam State Disaster Management Authority) ৰ বুলেটিন অনুসৰি, এতিয়ালৈকে ৬ খন জিলাৰ ২২ হাজাৰৰো অধিক লোক বানত ক্ষতিগ্ৰস্ত হৈছে।

প্ৰতিবেদন অনুসৰি, গোলাঘাট, বিশ্বনাথ, শোণিতপুৰ, কাৰ্বি আংলং, নগাঁও আৰু কাছাৰ জিলাৰ ২৭৪ খন গাঁও বানত প্লাৱিত হৈছে। লগতে প্ৰায় ৪,১৯০ হেক্টৰ কৃষিজমি পানীৰ তলত ঢকুকৈ পৰিছে।

বানৰ ফলত সাধাৰণ লোকৰ দৈনন্দিন জীৱন বিঘ্নিত হোৱাৰ লগতে কৃষকসকলৰ মাজত গভীৰ উদ্বেগ দেখা দিছে। স্থানীয় প্ৰশাসনে উদ্ধাৰ আৰু ত্ৰাণ কাৰ্য অব্যাহত ৰাখিছে।