Ticker

6/recent/ticker-posts

Ad Code

Responsive Advertisement

৪,৫,৬, আৰু ৭ নৱেম্বৰত বিশ্বনাথঘাট ৰাস মহোৎসৱৰ সোণালী জয়ন্তী সমাৰোহ


৪,৫,৬, আৰু ৭ নৱেম্বৰত বিশ্বনাথঘাট ৰাস মহোৎসৱৰ সোণালী জয়ন্তী সমাৰোহ

ঐতিহ্যমণ্ডিত বিশ্বনাথঘাট ৰাস মহোৎসৱ ৫০ বছৰীয়া হল। অহা ৪,৫,৬, আৰু ৭ নৱেম্বৰত অনুষ্ঠিত হব বিশ্বনাথঘাট ৰাস মহোৎসৱৰ সোণালী জয়ন্তী সমাৰোহ। আজি গায়ন বায়নৰ গুৰুঘাট, আয়তীৰ উৰুলী, হৰি নামৰ ধ্বনিৰ মাজত লাইখুটা প্ৰতিষ্ঠা কৰা হয়। বিশ্বনাথৰ এই পুৰণি ৰাস মহোৎসৱ খনে সোণালী জয়ন্তী উদযাপন কৰিবলৈ ওলোৱাৰ মূহুৰ্তত শুভেচ্ছা জ্ঞাপন কৰে বিশ্বনাথৰ বিভিন্ন বিশিষ্ট ব্যক্তি দল সংগঠনে। এই উপলক্ষে বিশ্বনাথৰ বিশিষ্ট শিক্ষাবিদ জিতেন ভাগৱতী ৰ সভাপতিত্বত অনুষ্ঠিত হয় এখন ৰাজহুৱা সভা। সভাত মুখ্য অতিথি হিচাবে উপস্থিত থকা বিশ্বনাথৰ বিধায়ক প্ৰমোদ বৰঠাকুৰ। সভাত বিধায়ক গৰাকীয়ে ইতিহাসে গৰকা বিশ্বনাথ ঘাটৰ ৰাস মহোৎসৱৰ সোণালী জয়ন্তী সমাৰোহ ভাগ সুন্দৰ ভাবে আয়োজনৰ ক্ষেত্ৰত সকলোকে সহযোগ কৰিবৰ বাবে আহবান জনায়। সভাত বিশ্বনাথৰ জ্যেষ্ঠ সাংবাদিক নিৰঞ্জন হাজৰিকা, বিশিষ্ট পৰ্যটন অনুৰাগী কিশোৰ হাজৰিকা, যুৱ সমাজ কৰ্মী অঞ্জন বৰাই ৰাস উদযাপনৰ দিশত লব লগা ব্যৱস্থাৰ ওপৰত বক্তব্য আগবঢ়ায়। সভাত বিশ্বনাথ জিলা পৰিষদৰ সদস্য প্ৰানোদিপ্ত ৰাজখোৱা, বিশ্বনাথ আঞ্চলিক পঞ্চায়তৰ সভাপতি কন্দৰ্প হাজৰিকা, সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য বিক্ৰম বিকাশ বৰা, বিশ্বনাথ মহকুমা ছাত্ৰ সন্থাৰ সভাপতি সূৰজ ভূঞা, বিশিষ্ট যুৱ সমাজ কৰ্মী অঞ্জন বৰা (জিতু), বীৰ লাচিত সেনাৰ বিশ্বনাথৰ প্ৰশাসনিক সচিব ধন্তি দত্ত, বিশ্বনাথ থলগিৰি সংগঠনৰ বিষয় ববীয়া আৰু বহু সংখ্যক বিশিষ্ট ব্যক্তি আৰু স্থানীয় ৰাইজ উপস্থিত থাকে। অনুষ্ঠানৰ আঁত ধৰে উদযাপন সমিতিৰ সভাপতি বেদানন্দ দাস, সম্পাদক বিশ্বজিৎ দাস, বলোৰাম দাস, প্ৰবীণ মটক প্ৰমুখ্যে বিষয় ববীয়া সকলে।