Ticker

6/recent/ticker-posts

Ad Code

Responsive Advertisement

ব্যতিক্ৰমৰ উদ্যোগত জয়ন্ত হাজৰিকাৰ ৮২তম জন্মবার্ষিকী উদযাপনৰ প্ৰস্তুতি

 

গুৱাহাটী, ১৮ ছেপ্টেম্বৰ,২০২৫

প্রসিদ্ধ সংগীতজ্ঞ জয়ন্ত হাজৰিকাৰ ৮২তম জন্মবার্ষিকী উপলক্ষে, উত্তৰ-পূবাঞ্চলৰ সামাজিক সাংস্কৃতিক সংগঠন ব্যতিক্ৰম আৰু সুৰ বাহিনীৰ উদ্যোগত আগন্তুক ২০ ছেপ্টেম্বৰত মাচখোৱাস্থিত প্রাগজ্যোতিষ আইটিএ প্ৰেক্ষাগৃহত দুপুৰীয়া ১টা ৩০ মিনিটত এক বর্ণাঢ্য অনুষ্ঠানৰ আয়োজন কৰা হৈছে। 

অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকিব অসম চৰকাৰৰ সাংস্কৃতিক বিষয়ক মন্ত্রী বিমল বৰা, প্রাক্তন আইএএস তথা সমাজকর্মী স্বপ্ননীল বৰুৱা, অসম চৰকাৰৰ প্ৰাক্তন প্রশাসনিক বিষয়া কৃষ্ণা বৰুৱা, অসম সাংস্কৃতিক বিষয়ক অধিদপ্তৰৰ পৰিচালক ৰাহুল দাস, সংগীতশিল্পী তথা জয়ন্ত হাজৰিকাৰ পত্নী মনিষা হাজৰিকা, পুত্র ময়ুখ হাজৰিকা, সমাজসেৱক শংকৰলাল গোয়েঙ্কা, ব্যতিক্রম তথা লায়ন্স ক্লাব অফ গুৱাহাটী ব্যতিক্ৰমৰ সভাপতি ড° সৌমেন ভাৰতীয়া আদি ৷ 

এইবাৰ ‘জয়ন্ত হাজৰিকা ব্যতিক্ৰম অনুপ্ৰেৰণামূলক বঁটা ২০২৫’-এৰে সন্মানিত কৰা হ'ব সংগীতশিল্পী পখিলা লেখথেপিক। পখিলা লেখথেপি অসমৰ খ্যাতনামা কাৰ্বি লোকসংগীতশিল্পী। পাঁচ দশকৰো অধিক সময় ধৰি তেওঁ কাৰ্বি সংস্কৃতি আৰু সংগীতক বিশ্বমঞ্চত প্রতিনিধিত্ব কৰি আহিছে। তেওঁৰ কণ্ঠত ফুটি উঠে কাৰ্বি জীৱনৰ অনুভৱ, ঐতিহ্য আৰু গৌৰৱ। 

উল্লেখযোগ্য যে, ইয়াৰ আগৰ চাৰি বছৰ ধৰি এই সন্মানেৰে সন্মানিত হৈছিল কলকাতাৰ খ্যাতনামা সংগীতশিল্পী লোপামুদ্রা মিত্র, সংগীতশিল্পী জে. পি. দাস, বড়োলেণ্ডৰ শিল্পী সুলেখা বসুমতাৰী আৰু আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন সংগীতশিল্পী লু মাজাউ । 

এই বিশেষ দিনত সাংস্কৃতিক অনুষ্ঠানত পৰিৱেশন কৰিব ময়ুখ হাজৰিকা, সংস্কৃতা মালাকাৰ, প্ৰশান্ত ৰাজখোৱা, ৰুবুল কলিতা, মিতালী বৰুৱা, স্পন্দন চক্ৰৱৰ্তী প্রমুখ। নৃত্যত অংশগ্ৰহণ কৰিব চম্পা চক্ৰৱৰ্তী আৰু ডলি হাজৰিকাৰ নেতৃত্বত ছাত্ৰ-ছাত্ৰী সকললগতে ১০ জন খ্যাতনামা চিত্রশিল্পীয়ে জয়ন্ত হাজৰিকাৰ প্রতিচ্ছবি লাইভ স্কেচত অংকন কৰিব। 

অনুষ্ঠান সম্বন্ধে ড° সৌমেন ভাৰতীয়াই কয়, জয়ন্ত হাজৰিকা অসমীয়া সংগীত জগতৰ এনে এজন নক্ষত্ৰ, যাৰ গান আজিও আমাৰ হৃদয়ত অনুপ্ৰাণিত কৰে। তেওঁৰ সৃষ্টিত আমি একাধাৰে প্ৰেম, প্রতিবাদ আৰু মানৱীয়তা সুৰ পোৱা যায়। ব্যতিক্রমে সদায়েই এই মহান শিল্পীৰ ঐতিহ্য আগন্তুক প্ৰজন্মলৈকে লৈ যোৱাৰ প্ৰতিশ্ৰুতি বহন কৰি আহিছে। আশা কৰোঁ এইবাৰৰ জন্মজয়ন্তী উদযাপনো সংগীতপ্রেমীৰ হৃদয়ত নতুন অনুপ্ৰেৰণা জগাব” 

মনিষা হাজৰিকাই কয় যে, “জয়ন্ত হাজৰিকা কেৱল মোৰ জীৱনসঙ্গী নাছিল, তেওঁ আছিল অসমীয়া সংগীত জগতৰ এক উজ্জ্বল নক্ষত্ৰ। তেওঁৰ সুৰ, তেওঁৰ কণ্ঠ, তেওঁৰ অকালে প্রয়াণে আজিও আমাক গভীৰ অনুভৱত ভৰাই তোলে। এই জন্মজয়ন্তী উদযাপনৰ জৰিয়তে আমি তেওঁৰ প্ৰতি গভীৰ শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। আশা কৰোঁ এই আয়োজনৰ দ্বাৰা আগন্তুক প্ৰজন্মইও জয়ন্ত হাজৰিকাৰ সংগীতধাৰাৰ পৰা অনুপ্রাণিত হ'ব।” 

অনুষ্ঠানত প্ৰৱেশ অবাধ