স্পেচত বিহু! ভাইৰেল ভিডিঅ’ত বিতৰ্ক

 



https://twitter.com/i/status/2045744076234846257


স্পেচত বিহু! ভাইৰেল ভিডিঅ’ত বিতৰ্ক

অসমৰ মুখ্যমন্ত্ৰী Himanta Biswa Sarmaয়ে শ্বেয়াৰ কৰা এটা ভিডিঅ’ত স্পেচত বিহু নৃত্য কৰাৰ দৃশ্য দেখা পোৱা গৈছে, য’ত আমেৰিকাৰ মহাকাশযাত্রী Mike Finckeক ইণ্টাৰনেচনেল স্পেচ ষ্টেচন (ISS)-ত বিহু নাচ কৰা দেখা যায়। ভিডিঅ’টো শ্বেয়াৰ হোৱাৰ লগে লগে সামাজিক মাধ্যমত ব্যাপকভাৱে ভাইৰেল হৈ পৰে।

কিন্তু এই ভিডিঅ’টো লৈ এতিয়া সময়ক লৈ বিতৰ্ক আৰম্ভ হৈছে। কিছুমানে দাবী কৰিছে যে এই ভিডিঅ’টো ২০০৪ চনৰ, আনহাতে আন কিছুমানে কয় ই ২০২৫ চনৰ। ভিডিঅ’টোৰ বেকগ্ৰাউণ্ড, কেমেৰাৰ মান আৰু টেকন’লজীৰ পাৰ্থক্য লক্ষ্য কৰি বহুজনেই ইয়াক সাম্প্ৰতিক, সম্ভৱতঃ গতা বছৰত ৰেকৰ্ড কৰা বুলি মত প্ৰকাশ কৰিছে।

এই ভিডিঅ’টোৱে এটা ফালে অসমীয়াৰ সাংস্কৃতিক পৰিচয়ক বিশ্বমঞ্চত উজ্জ্বল কৰাৰ বাবে গৌৰৱ বঢ়াইছে, আনফালে ইয়াৰ সময় আৰু প্ৰামাণিকতা লৈ অনলাইনত তীব্ৰ আলোচনা আৰু বিতৰ্কৰ সৃষ্টি কৰিছে।