গুপ্তকাশী বিশ্বনাথত গোসাঁই বিহু উপলক্ষে ৩৪২ বছৰীয়া পৰম্পৰাৰে উজ্বল গোসাঁই ফুৰোৱা উৎসৱ

গুপ্তকাশী বিশ্বনাথত গোসাঁই বিহু উপলক্ষে ৩৪২ বছৰীয়া পৰম্পৰাৰে উজ্বল গোসাঁই ফুৰোৱা উৎসৱ

বিশ্বনাথঃ আজি গোসাঁই বিহুৰ পৱিত্ৰ দিনটোত গুপ্তকাশী বিশ্বনাথঘাটত পুৱাৰে পৰা আৰম্ভ হয় ঐতিহাসিক গোসাঁই ফুৰোৱা উৎসৱ। ১৬৮৬ খ্ৰীষ্টাব্দত আহোম ৰাজা গদাধৰ সিংহৰ দিনৰ পৰা আৰম্ভ হোৱা এই পৰম্পৰাগত উৎসৱে ইতিমধ্যে ৩৪২ বছৰ অতিক্ৰম কৰিছে। এই দীঘলীয়া পৰম্পৰা আজিও অটুট ৰাখি আহিছে বিশ্বনাথবাসীয়ে।

বহাগৰ দ্বিতীয় দিনা অনুষ্ঠিত হোৱা এই উৎসৱৰ বিশেষ তাৎপৰ্য অনুসৰি গুপ্তকাশী বিশ্বনাথ দেৱালয়ৰ পৰা গোঁসাইক কেঁকোৰা দোলাত আৰোহণ কৰাই ঢোল-তাল, আৰোৱাণ আৰু ভক্তপ্ৰাণ ৰাইজৰ মাজত প্ৰায় ৫ কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰি ভিৰ গাঁও তথা পানীভঁৰাললৈ লৈ যোৱা হয়। পুৱাৰ ভাগতে আৰম্ভ হোৱা এই শোভাযাত্ৰাত প্ৰতিটো গাঁওৰ পদুলিমুখত গোঁসাইক আদৰণি জনাই আশীৰ্বাদ লয় ৰাইজে।

যাত্ৰাৰ মাজভাগত পানীভঁৰালত কিছু সময়ৰ বাবে গোসাঁইক স্থাপন কৰি পূজা-অৰ্চনা কৰা হয়। ইয়াৰ পিছত বিয়লিবেলা পুনৰ ভক্তবৃন্দৰ সৈতে ঢোল-তালৰ মাজত উৎসৱমুখৰ পৰিৱেশত গোসাঁইক বিশ্বনাথ দেৱালয়লৈ ওভতাই অনা হয়।

উৎসৱৰ অন্যতম আকৰ্ষণ হৈছে পানীভঁৰালত অনুষ্ঠিত হোৱা বিশাল মেলা। এই মেলাত দূৰ-দূৰণিৰ পৰা অহা ভক্তসকলে অংশগ্ৰহণ কৰি বছৰটোৰ বাবে নিজৰ আৰু সমাজৰ মংগল কামনা কৰে।

গোসাঁই ফুৰোৱা উৎসৱে কেৱল ধৰ্মীয় আস্থাই নহয়, সামাজিক ঐক্য আৰু সাংস্কৃতিক পৰম্পৰাকো সুদৃঢ় কৰে। উদ্যোক্তাসকলে জনোৱা মতে, এই শতাব্দীপ্ৰাচীন পৰম্পৰা আগন্তুক সময়তো একেই ধৰণেৰে চলি থাকিব আৰু নতুন প্ৰজন্মইয়ো ইয়াক আগুৱাই লৈ যাব।