ভাৰত-দক্ষিণ কোৰিয়া মৈত্ৰীৰ নতুন দিশ — বলিউড, যোগ আৰু কে-পপৰ প্ৰভাৱ বৃদ্ধি
ভাৰত-দক্ষিণ কোৰিয়া ব্যৱসায় মঞ্চত দক্ষিণ কোৰিয়াৰ ৰাষ্ট্ৰপতি Lee Jae Myungয়ে ভাৰতীয় সংস্কৃতিৰ বঢ়ি অহা প্ৰভাৱৰ বিষয়ে উল্লেখ কৰে। তেওঁ কয় যে দক্ষিণ কোৰিয়াত বলিউড সংগীত, যোগ আৰু ভাৰতীয় খাদ্যৰ জনপ্ৰিয়তা ধীৰে ধীৰে বৃদ্ধি পাইছে, যিয়ে দুয়োখন দেশৰ মাজত সাংস্কৃতিক সম্পৰ্ক অধিক মজবুত কৰি তুলিছে।
ইফালে, ভাৰতৰ প্ৰধানমন্ত্ৰী Narendra Modiয়েও দক্ষিণ কোৰিয়াৰ কে-পপ আৰু কে-ড্ৰামাৰ বিশ্বজোৰা প্ৰভাৱৰ কথা উল্লেখ কৰি কয় যে ভাৰততো ইয়াৰ জনপ্ৰিয়তা দিনক দিনে বৃদ্ধি পাইছে। এই বিনিময় দুয়োখন দেশৰ মাজত এক শক্তিশালী সাংস্কৃতিক সেতু গঢ়ি তুলিছে বুলি তেওঁ মন্তব্য কৰে।
এই মঞ্চত দুয়ো নেতাে সংস্কৃতি, ব্যৱসায় আৰু বিনিয়োগ ক্ষেত্ৰত সহযোগিতা বৃদ্ধি কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। বিশেষকৈ, খাদ্য, মনোৰঞ্জন আৰু সুস্থ জীৱনশৈলীৰ ক্ষেত্ৰত সহযোগিতা আগবঢ়োৱাৰ সম্ভাৱনাৰ বিষয়ে আলোচনা কৰা হয়।
বিশেষজ্ঞসকলে এই সাংস্কৃতিক বিনিময়ক দ্বিপাক্ষিক সম্পৰ্কৰ বাবে এক ইতিবাচক দিশ বুলি মন্তব্য কৰিছে, যি আগন্তুক সময়ত দুয়োখন দেশৰ মাজত অধিক সহযোগিতাৰ পথ মুকলি কৰিব।
Social Plugin