কোনে বিশ্বাস কৰিব হাঁহিমুখেৰে ওলাই যোৱা প্ৰিয় শিল্পীজন আকৌ ঘূৰি নাহে। জুবিন গাৰ্গৰ মৃত্যু সাংস্কৃতিক জগতৰ অপূৰণীয় ক্ষতি।
অসমৰ সংগীত জগতৰ উজ্জ্বল নক্ষত্ৰ, হাৰ্টথ্ৰ’ব গায়ক জুবিন গাৰ্গ (৫২) আৰু আমাৰ মাজত নাই। ছিংগাপুৰত স্কুবা ডাইভিং কৰোঁতে হঠাত্মকভাৱে হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ তেওঁৰ মৃত্যু হোৱাৰ খবৰে সমগ্ৰ অসমৰ লগতে দেশৰ সংগীতপ্ৰেমীসকলক শোকত ডুবাই দিছে। ‘অনামিকা’ৰ পৰা আৰম্ভ হোৱা তেওঁৰ সুৰীয়া যাত্ৰা ছিংগাপুৰৰ সমুদ্ৰত অন্ত পৰিল, যিয়ে অসমৰ সাংস্কৃতিক জগতত এক অপূৰণীয় শূন্যতাৰ সৃষ্টি কৰিলে।জুবিন গাৰ্গ নৰ্থ-ইষ্ট ফেষ্টিভেলত অংশগ্ৰহণৰ বাবে দুদিন পূৰ্বে ছিংগাপুৰত উপস্থিত হৈছিল। বৃহস্পতিবাৰে তেওঁ শেষবাৰৰ বাবে এক সংগীতানুষ্ঠানত পৰিৱেশন কৰি দৰ্শকক মুগ্ধ কৰিছিল। উৎসৱৰ পূৰ্বে তেওঁ কেইজনমান বন্ধুৰ সৈতে য়টত সাগৰত স্কুবা ডাইভিংৰ বাবে গৈছিল। সকলোৱে লাইফ জেকেট পিন্ধি সাঁতুৰি থকাৰ সময়ত জুবিনৰ হঠাত্ seizure attack হয়। লগে লগে বন্ধুসকলে তেওঁক উদ্ধাৰ কৰি ছিংগাপুৰ আৰক্ষীৰ সহায়ত জৰুৰীকালীনভাৱে সিংগাপুৰ জেনেৰেল হাসপাতালত ভৰ্তি কৰে। চিকিৎসকসকলে প্ৰায় দুঘণ্টা তেওঁক জীয়াই ৰাখিবলৈ যুঁজি থাকিলেও শেষত সফলতা লাভ নকৰিলে। ভাৰতীয় সময় অনুসৰি আজি দুপৰীয়া প্ৰায় ২:৩০ বজাত জুবিন গাৰ্গৰ মৃত্যুৰ ঘোষণা কৰা হয়।
জুবিনৰ গায়নশৈলী আৰু মঞ্চ পৰিৱেশনৰ জাদুৱে সকলোৰে হৃদয় জিনিছিল। ১৯৯০ৰ দশকৰ পৰা অসমীয়া সংগীতৰ জগতত তেওঁ এক অতুলনীয় পদচিহ্ন ৰাখিছিল। ‘য়া আলী’ৰ জৰিয়তে তেওঁ বালীৱুডতো খ্যাতি লাভ কৰিছিল, আৰু অসমীয়া চলচ্চিত্ৰ, ৱেব চিৰিজৰ জৰিয়তে তেওঁৰ অৱদান অমৰ হৈ ৰ’ল। তেওঁৰ জন্ম মেঘালয়ৰ জৈতিয়া জিলাত হৈছিল যদিও অসমৰ সাংস্কৃতিক পৰিচয়ৰ সৈতে তেওঁৰ নাম চিৰদিনৰ বাবে জড়িত হৈ থাকিব।
জুবিনৰ মৃত্যুৰ খবৰে Social Mediaত শোকৰ ঢল বৈ দিছে। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গভীৰ শোক প্ৰকাশ কৰি কৈছে, “আমাৰ হৃদয়ৰ জনগায়ক জুবিন গাৰ্গৰ চিৰবিদায়ে আমাক শোকত বিহ্বল কৰি তুলিছে। তেওঁৰ গানৰ জৰিয়তে তেওঁ আমাৰ মাজত চিৰদিন জীয়াই থাকিব।” তেওঁ জুবিনৰ মৃতদেহ অসমলৈ ঘূৰাই আনিবলৈ ভাৰতীয় হাইকমিছনৰ সৈতে যোগাযোগ কৰা বুলি জনাইছে। ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু বহুতো বিশিষ্ট ব্যক্তিয়ে শোক প্ৰকাশ কৰিছে।বালীৱুডৰ গায়ক জুবিন নৌটিয়ালে কৈছে, “জুবিন গাৰ্গৰ মৃত্যু সংগীত জগতৰ বাবে এক অপূৰণীয় ক্ষতি।” অৰ্মান মালিক, পপন, বাদশাহৰ দৰে শিল্পীয়ে তেওঁৰ অৱদানৰ প্ৰশংসা কৰি শোকৰ বাৰ্তা প্ৰকাশ কৰিছে।
জুবিন গাৰ্গৰ এই অকাল মৃত্যুৱে অসমৰ সংগীত জগতত এক গভীৰ শূন্যতাৰ সৃষ্টি কৰিছে। তেওঁৰ হাঁহিমুখ আৰু সুৰীয়া কণ্ঠ চিৰদিনৰ বাবে অনুৰাগীৰ হৃদয়ত জীয়াই থাকিব। সমগ্ৰ অসমে তেওঁৰ আত্মাৰ শান্তিৰ বাবে প্ৰাৰ্থনা কৰিছে।