Attitude” নে আত্মসম্মান? — এটা নিজৰ কথা


মোক লৈ বহুতেই কয়—এই ল’ৰাটোৰ Attitude আছে, কেতিয়াবা কোৱা হয় “বেছি Attitude”। কিন্তু সত্যটো অলপ বেলেগ। মই মোৰ সমৰ্থ অনুসৰি মানুহক সহায় কৰি ভাল পাওঁ, আৰু এই কামটো মই আগলৈও কৰি যাম। কাৰোবাক সহায় কৰা মোৰ বাবে কেৱল দায়িত্ব নহয়, ই মোৰ মনৰ পৰা ওলোৱা এক সঁচা অনুভৱ। ৰাইজে মোক মৰম দিয়ে, আৰু মই সেই মৰমৰ বন্ধনতেই জীয়াই আছোঁ। এই সম্পৰ্কত কোনো অহংকাৰ নাই, কেৱল সন্মান আৰু কৃতজ্ঞতা আছে। কিন্তু সমাজত কেতিয়াবা মানুহে আত্মবিশ্বাস আৰু আত্মসম্মানকো “Attitude” বুলি ভুল বুজে।

যদি নিজৰ পথত দৃঢ় হৈ থকাটো, নিজৰ মূল্য বুজাটো আৰু সৎ কাম কৰি যোৱাটো Attitude হয়—তেন্তে মই গৌৰৱেৰে ক’ম, হয়, মোৰ Attitude আছে। কিন্তু এইটো কোনো অহংকাৰ নহয়, ই হৈছে নিজৰ বিশ্বাস আৰু মানৱতাৰ ওপৰত আস্থা। মই কাৰোবাৰ ক্ষতি কৰিব বিচৰা নাই, মই কেৱল মোৰ দৰে থকাৰ চেষ্টা কৰিছোঁ। যিসকলে মোক বুজে, তেওঁলোকে সদায় মোৰ লগত থাকিব। আৰু যিসকলে ভুল বুজে—তেওঁলোকৰ বাবে মই সলনি নহ’ম। কাৰণ জীৱনত আটাইতকৈ ডাঙৰ কথা হৈছে—নিজৰ সৈতে সঁচা হৈ থকা।

বি: দ্ৰ:-ই একে কাল্পনিক Article হে