Header Ads Widget

Responsive Advertisement

অসম আন্দোলনৰ শ্বহীদসকলৰ স্মৃতিত ১০ ডিচেম্বৰত ৰাজ্যজুৰি পালন হ’ব শ্বহীদ দিৱস

অসম আন্দোলনৰ শ্বহীদসকলৰ স্মৃতিত ১০ ডিচেম্বৰত ৰাজ্যজুৰি পালন হ’ব শ্বহীদ দিৱস

গুৱাহাটীৰ বৰাগাঁৱত নৱনিৰ্মিত শ্বহীদ স্মাৰক ক্ষেত্ৰৰ মুখ্যমন্ত্ৰীৰ দ্বাৰা উদ্বোধন

গুৱাহাটী, ৭ ডিচেম্বৰ ২০২৫ : প্ৰতিবছৰৰ দৰে এইবাৰো ১০ ডিচেম্বৰত সমগ্ৰ অসমত গভীৰ শ্ৰদ্ধাৰে পালন কৰা হ’ব ঐতিহাসিক অসম আন্দোলনৰ শ্বহীদ দিৱস। ১৯৭৯–১৯৮৫ চনৰ ছয়বছৰীয়া অসম আন্দোলনত প্ৰাণ উৎসৰ্গ কৰা ৮৬০ জনতকৈও অধিক শ্বহীদৰ প্ৰতি ৰাজ্যবাসীয়ে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব।এইবাৰ শ্বহীদ দিৱসৰ কেন্দ্ৰীয় কাৰ্যসূচী অনুষ্ঠিত হ’ব গুৱাহাটীৰ বৰাগাঁৱত নৱনিৰ্মিত শ্বহীদ স্মাৰক ক্ষেত্ৰত। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ১০ ডিচেম্বৰৰ দিনা এই বিশাল আৰু আটকধুনীয়া স্মাৰক ক্ষেত্ৰৰ আনুষ্ঠানিক উদ্বোধন কৰিব।শনিবাৰে কৃষি, পশু চিকিৎসা আৰু সাংস্কৃতিক মন্ত্ৰী অতুল বৰা, জলসম্পদ মন্ত্ৰী কেশৱ মহন্ত আৰু খাদ্য, ৰাজহ আৰু পৰিবহণ মন্ত্ৰী ৰূপেশ গোৱালাৰ নেতৃত্বত এদল মন্ত্ৰী-বিষয়াই শ্বহীদ স্মাৰক ক্ষেত্ৰ পৰিদৰ্শন কৰে। 
তেওঁলোকে স্মৃতিসৌধৰ নিৰ্মাণকাৰ্যৰ অগ্ৰগতি পৰীক্ষা কৰাৰ লগতে সংশ্লিষ্ট বিভাগৰ জ্যেষ্ঠ বিষয়াসকলৰ সৈতে এখন উচ্চপৰ্যায়ৰ বৈঠকত মিলিত হয়। বৈঠকত ১০ ডিচেম্বৰৰ কেন্দ্ৰীয় কাৰ্যসূচীৰ সকলো প্ৰস্তুতিৰ বিস্তৃত পৰ্যালোচনা কৰা হয়।মন্ত্ৰী অতুল বৰাই সাংবাদিকৰ আগত কয়, “অসম আন্দোলনৰ শ্বহীদসকলৰ ত্যাগৰ বলিষ্ঠ স্মৃতি আমাৰ প্ৰজন্মৰ পৰা প্ৰজন্মলৈ সঞ্চাৰিত হৈ থাকিব লাগে। এই স্মাৰক ক্ষেত্ৰই কেৱল শ্ৰদ্ধাঞ্জলিৰ স্থান নহয়, অসমীয়া জাতিৰ আত্মসচেতনতাৰ প্ৰতীক হৈ উভটি উঠিব।”উল্লেখ্য যে, দীৰ্ঘদিনৰ দাবীৰ পিছত অসম চৰকাৰে বৰাগাঁৱত এই বিশাল শ্বহীদ স্মাৰক ক্ষেত্ৰ নিৰ্মাণ কৰিছে। 
ইয়াত শ্বহীদসকলৰ নামাঙ্কিত স্তম্ভ, স্মৃতিফলক, উদ্যান আৰু প্ৰদৰ্শনী কক্ষৰ লগতে আন্দোলনৰ ইতিহাস প্ৰতিফলিত কৰা ভাস্কৰ্যও স্থাপন কৰা হৈছে।১০ ডিচেম্বৰত ৰাজ্যৰ প্ৰতিখন জিলা আৰু মহকুমাতো শ্বহীদ বেদীত পুষ্পাঞ্জলি, শ্বহীদ স্মৰণ সভা আদি কাৰ্যসূচীৰে দিৱসটো পালন কৰা হ’ব।